Our Programme and Constitution

সংগ্রাম   ::   শান্তি  ::  প্রগতি 

ভাৰতৰ  প্রগতিশীল যুৱ ফেডাৰেন  

খচৰা ইস্তাহাৰ আৰু গঠনতন্ত্র

১. যুৱ সমাজে অসীম কল্পনাশক্তি আৰু প্রল উৎসাহ- উদ্দীপনাৰ অধিকাৰী।  শক্তি সভ্যতাৰ মূল চালিকা শক্তিও তেওঁলোকৰেই। তেওঁলোকৰ সৃজনীশক্তিৰ পৰিপূৰ্ণ ব্যহাৰৰ দ্বাৰাই এই পৃথিৱীখনক অধিকতৰ বাসোপযোগী আৰু সর্বাঙ্গসুন্দৰ কৰি তুলিব পাৰি।
২. বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ব্যাপক বিকাশৰ ফলত বর্তমান সুখী আৰু সমৃদ্ধিশালী মান সমাজ গঢ়াৰ উজ্জ্বল সম্ভানাই দেখা দিছে। অন্যহাতেদি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বিকাশৰ ফলত মানৱ সভ্যতাৰ সম্পূর্ণভাৱে ধ্বংস হোৱাৰ আশঙ্কাজনক অৱস্থাও আমি দেখিবলৈ পাইছোঁ।
৩. বিজ্ঞান আৰু প্রযুক্তিবিদ্যা তথা উন্নত কাৰিকৰী বিদ্যাৰ বহুল প্রয়াগৰ ফলত (কম্পিউটাৰ, ইন্টাৰনেট, বৈদ্যুতিক মাধ্যম, চ'চিয়েল মেদিয়া) দূৰসংযোগ আৰু বিকাশ যিমান সুবিধা আৰু লাভজনক, সিমানেই ইয়াৰ অপপ্রয়াগে সর্বনাশী ৰূপ লয়।
৪. ছোভিয়েট ইউনিয়ন আৰু পুব ইউৰোপৰ সমাজতান্ত্রিক ৰাষ্ট্ৰ ব্যৱস্থা আজি অস্তিত্ব নথকাৰ সত্ত্বেও তাত যে নতুন সমাজ ব্যৱস্থা প্রতিষ্ঠিত হৈছিল, সেই আগৰ ব্যৱস্থা আজিও মানৱতা আৰু সুখী সমৃদ্ধিশালী মানৱ সমাজ গঢ়ি তোলাৰ পথ প্রাধর্শক হৈ ৰৈছে। এই ব্যৱস্থা মানুহে মানুহক শোষণ যে বহু যুগ ব্যাপী যি পদ্ধতি বিৰাজমান আছিল সেইটো সামুলঞ্চে নির্মূল হ'ব। সামুহিকভাৱে পিছ পৰি গ'লেও, এই সমাজ ব্যৱস্থা সমৃদ্ধি, শান্তি আৰু সুখৰ পথ খুলি দিব। সেই ব্যৱস্থাৰ নাম হৈছে সমাজতন্ত্র। পুৰাতন পুঁজিবাদ বিশ্বায়ন ঘটি বিশ্বায়িত পুঁজিবাদলৈ গতি কৰা সময়তে লেটিন আমেৰিকাত নতুন ধৰণৰ সমাজ ব্যৱস্থা উন্মেষ ঘটি নতুন যুগৰ সূচনা হৈছে। সেই ব্যৱস্থাৰ নাম হৈছে বলিভিয়ান চোসিয়েলিজম  বা বলিভিয়ান সমাজবাদএই ব্যৱস্থাই সমাজতন্ত্র প্রতিষ্ঠাৰ পথ খুলি দিছে। অৱশ্যে পথ বৰ সুগম নহয়। ধাৰাবাহিক সংগ্রাম আশ্যৱকীয়।
৫.  পুৰাতন পুঁজিবাদ অৱসান আৰু সমাজতান্ত্রিক বিশ্ব পতনৰ পিছত, দ্বিমেৰু বিশ্ব আজি একমেৰু বিশ্বত পৰিণত হৈছে। চীন, উত্তৰ কৰিয়া, কিউবা আৰু লেটিন আমেৰিকাৰ বলিভিয়ান সমাজবাদী দেশবোৰৰ বাদে বাকী বিশ্বত দখল পুঁজিবাদী ব্যৱস্থাৰ হাতত। এই পুঁজিবাদী বিশ্বৰ জনগণৰ মাজত দৰিদ্ৰ, ক্ষুধা আৰু নির্যাতন ভয়ানকভাৱে বিৰাজমান। যুৱ সমাজৰ মাজত ব্যাপক আৰু ভয়ানকভাৱে নিবনুৱাৰ সমস্যাই স্থায়ী ৰূপ ধাৰণ কৰিছে। কৌটি কৌটি যুৱক কর্মসংস্থাপন, খাদ্য আৰু আশ্রয়ৰ সন্ধানত অতিবাহিত কৰিছে।
৬. এনে অস্থাৰ পৰিপেক্ষিতত যেতিয়া যুৱ সমাজে অনুৱ কৰিছে যে এই পৃথিৱী তেওঁলোকৰে আৰু পৃথিৱীৰ সকলো সম্পদ আৰু শক্তিৰ ওপৰত অধিকাৰী, সেই দাবীও ন্যায়সঙ্গত তেতিয়াই যুৱ সমাজ সংগঠিত হৈছে আৰু তেওঁলোকৰ অধিকাৰ প্রতিষ্ঠাৰ বাবে অগ্রসৰ হৈছে। তেওঁলোকে সকলো প্ৰকাৰৰ সামাজিক অবিচাৰ আৰু নিপীড়নৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। সমস্ত বাধা চূর্ণ কৰিছে আৰু জীৱনৰ পৰিপূর্ণ বিকাশৰ পথত হেঙাৰ ৰূপে থিয় দিয়া সকলোবিলাক বাধাৰ প্ৰাচীৰ ওফৰাই পেলাইছে
৭. দেশৰ স্বাধীনতা অৰ্জনাৰ্থে চলা সংগ্রামত আমাৰ যুৱ সমাজে প্ৰভূত আত্মত্যাগ কৰি বীৰত্বপূৰ্ণ সংগ্ৰাম কৰিছিল, স্বাৰ্থ ত্যাগৰ প্ৰেৰণা যোগাইছিল আৰু শোষণ আৰু নিপীড়নৰ পৰা মুক্ত কৰি সুখী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে, জনসাধাৰণৰ স্বাৰ্থৰ পক্ষে আত্মনিয়োগৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল
৮. দেশৰ স্বাধীনতাৰ সাতটি দশকৰ পিছতো দেখা গৈছে, যি আদৰ্শৰ কাৰণে হাজাৰ হাজাৰ যুৱকে আত্মত্যাগ কৰিছিল, অশেষ নিৰ্যাতন সহ্য কৰিছিল, কাৰাবাসৰ জীৱন যাপন কৰিছিল, সেই আদৰ্শ, লক্ষ্য আজি শূন্যত বিলীন হৈ গৈছে। বাস্তৱতে ধনী আৰু সম্পদশালী শ্ৰেণীয়ে স্বাধীনতাৰ সুফল ভোগ কৰিছে। তেওঁলোকৰ নিৰ্মম শোষণ আৰু মুনাফা লুণ্ঠনে আজি দেশক চৰম দৰিদ্ৰতাৰ দিশলৈ ঠেলি দিছে। উৎপাদন আৰু সম্পদ সৃষ্টিত সমৰ্থন লক্ষ লক্ষ যুৱক-যুৱতী কৰ্মহীনতাৰ ভয়ংকৰ জ্বালাত জ্বলিছে।
৯. ব্ৰিটিছ আমোলাৰ উত্তৰাধিকাৰীৰ সূত্ৰে পোৱা অৰ্থনীতিৰ পূৰ্ণগঠন আৰু পুনৰুজীৱনৰ কাৰণে তথাকথিত অৰ্থনৈতিক পৰিকল্পনাৰ কাৰণে কৌটি কৌটি টকা খৰচ কৰিছে। তাৰ ফলত প্ৰধানতঃ পুঁজিপতিৰ স্বাৰ্থ পুৰণ হৈছে। সমাজতন্ত্ৰৰ সলনি পুঁজিবাদ শক্তিশালী হৈছে।
১০. উদাৰীকৰণ, বেচৰকাৰীকৰণ আৰু পুঁজিবাদ বিশ্বায়ন ঘটাৰ পাছত আমাৰ দেশৰ জাতীয় অৰ্থনীতিৰ সমস্ত বিভাগ, আনকি আগতে বিদেশী বিনিয়োগৰ বাবে নিষিদ্ধ বিভাগসমূহত বিদেশী বহুজাতিক সংস্থা বা নিগমসমূহত উৎসাহভৰা আমন্ত্ৰণ জনাই মুকলি কৰি দিয়া হৈছে 'মেক ইন ইণ্ডিয়া' যোগেদি। এই ব্যৱস্থা আমাৰ দেশৰ স্বাধীনতাক বিপদগ্ৰস্ত কৰি তুলিছে, দেশৰ স্বাধীন বিদেশ নীতি পৰিচালনা অধিকাৰকে খৰ্ব কৰিছে, আমাৰ অৰ্থনীতিক দাসলৈ পৰিণত কৰিছে আৰু মানুহক ভয়ংকৰ শোষণৰ দিশে ঠেলি দিছে।
১১.আমাৰ জাতীয় অৰ্থনীতিত, বিশেষকৈ কৃষিখণ্ডত বিশ্বায়নৰ কুফলৰ প্ৰভাৱ পৰিছে অত্যাধুনিক কাৰিকৰী বিদ্যাৰ প্ৰয়োগৰ ফলত ধীৰে ধীৰে কৰ্মসংস্থাপনৰ সুযোগ কমাই আনিছে, কম খৰচত অধিক পণ্য উৎপাদন কৰি পুঁজিপতিৰ মুনাফা বৃদ্ধি কৰিছে। সাধাৰণ মানুহৰ স্বাৰ্থ-বিৰোধীভাৱে এই কাৰিকৰী বিদ্যা কামত লগোৱা হৈছে। অন্যহাতে কৃষি ভূমি পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত হৈছে। সাধাৰণ কৃষকে নিজা মাটি ধৰি ৰখাটো কঠিন হৈ পৰিছে।
১২. আমাৰ অৰ্থনৈতিক জীৱনৰ গণতন্ত্ৰ দ্ৰুতভাৱে খৰ্ব হৈ স্বৈৰাতন্ত্ৰৰ দিশে অগ্ৰসৰ হৈছে। জনগণৰ স্বাৰ্থ ৰক্ষা আৰু জনমুখী কাম কাজৰ নামত নিজৰ স্বাৰ্থ আৰু ক্ষমতা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰীয় পৰিচালনা ব্যৱস্থাত অগণতান্ত্ৰিক পন্থাই আশ্ৰয় লৈছে। জনগণৰ গণতান্ত্ৰিক ঐক্য ভঙাৰ উদ্দেশ্যে সামন্ততান্ত্ৰিক প্ৰৱনতাক উক দিয়া হৈছে।
১৩. আঞ্চলিকতাবাদ আৰু প্ৰাদেশীকতাবাদৰ পুণৰোত্থানে মৃত্যুমুখী পুঁজিবাদৰ উদ্বেগজনক অৱস্থাকে ঘোষণা কৰিছে। সাম্প্ৰদায়িকতাবাদ আৰু সংকীৰ্ণ গোষ্ঠীচিন্তাক শাসক শ্ৰেণীৰ স্বাৰ্থত উচতাই দিছে আৰু বিদেশী শক্তিয়ে তাৰ সুযোগ গ্ৰহণ কৰিছে। ফলত সাধাৰণ মানুহৰ মুক্তিৰ কাৰণে ঐতিহাসিক গণতান্ত্ৰিক ঐক্য ক্ৰমাগতভাৱে বিপদাপন্ন হৈছে।
১৪. উপৰোক্ত অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় যুৱ সমাজৰ ওপৰতো ঐতিহাসিক দায়িত্ব আহি পৰিছে যে সমাজৰ এই সমস্যা আৰু বিশৃংখলাৰ মূল কাৰণবোৰ গভীৰভাৱে অনুধাৱন কৰি অশুভ শক্তিবোৰৰ ক্ৰিয়াকলাপ উপলব্ধি কৰি আৰু মানৱ সমাজৰ প্ৰগতিত হেঙাৰৰূপে ঠিয় দিয়া অশুভ শক্তিবোৰ মষিমূৰ কৰিবলৈ কাৰ্যসূচী প্ৰস্তুত কৰাৰ প্ৰয়োজন আহি পৰিছে। বৰ্তমান বিশ্বায়িত পুঁজিবাদী সমাজবাদী সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰি শোষণ-নিষ্পেষণৰ পৰা মুক্ত এক নতুন সমাজ ব্যৱস্থা বৈজ্ঞানিক সমাজতন্ত্ৰ  প্ৰতিষ্ঠাৰ কাৰণে ভাৰতৰ যুৱ সমাজৰ কল্পনা শক্তি প্ৰয়োগ কৰি সাহসেৰে অগ্ৰসৰ হ'ব লাগিব আৰু প্ৰাচুৰ্যময়, শান্তিকামী আৰু প্ৰগতিকামী মানৱ সমাজ গঢ়াৰ দুৱাৰ উন্মুক্ত কৰিব লাগিব। পৃথিৱীৰ এক অংশত নতুন ধৰণৰ জীৱন যাত্ৰাৰ সমাজ, সমাজতন্ত্রই বাস্তৱ ৰূপ ধাৰণ কৰিছে আৰু বিকশিত হৈছে। ভাৰতীয় যুৱসকলৰ সম্মুখতো ঐতিহাসিকভাৱে ধনতান্ত্রিক সমাজ ব্যৱস্থাক বৈপ্লৱিক পৰিৱৰ্তন কৰি তাৰ ঠাইত এক নতুন ব্যৱস্থা প্রতিষ্ঠা কৰাৰ বাহিৰে বিকল্প কোনো পথ নাই।
এই মুহূৰ্তত এনেভাৱে প্রগতিশীল আদর্শত উৎসাহিত কৰি যুৱসকলক আগবঢ়াই নিবৰ কাৰণে সৰ্বভাৰতীয়  ভিত্তিত যুৱসকলকৰ নিজস্ব এটি স্বাধীন সংগঠন গঢ়ি তোলাৰ প্রয়োজন হৈছে আৰু তাক বস্তৱায়িত কৰিবৰ কাৰণে এখন সংগ্রামী কার্যসূচীও গ্রহণ কৰিব লাগিব। এই উদ্দেশ্যেই ভাৰতৰ  প্রগতিশীল যুৱ ফেডৰেছৰ জন্ম।

যুৱ সংগঠনৰ কর্মসূচী

  • ভাৰতৰ যুৱ সমাজৰ মাজত সমাজতান্ত্রিক চেতনা উন্মেষৰ কাৰণে কাম কৰিব।
  • গণতন্ত্র ৰক্ষা আৰু সম্প্রসাৰিত আৰু মানৱ সমাজৰ ব্যাপক অংশত গণতন্ত্রই জনসাধাৰণৰ জীৱন ধৰণৰ পদ্ধতি গঢ়ি তুলিব।
  • যুৱ সমাজক প্রগতিশীল সমাজনীতি সম্পর্কে সচেতন আৰু সংগঠিত কৰিব। সংকীর্ণ গোষ্ঠী চিন্তা, উগ্র জাতীয়তাবাদী, ধর্মীয় জাল-কুল ভিত্তিত আৰু অস্বাভাৱিক ভাষা প্রীতি আদি যিবোৰ প্রগতিশীল মানৱ সমাজৰ ঐক্য, শান্তিআৰু স্বাৰ্থৰ পৰিপন্থি তাৰ বিৰুদ্ধে দৃঢ়ভাৱে সংগ্রাম কৰিব।
  • জনসাধাৰণৰ, বিশেষভাৱে যুৱসকলৰ মাজত ধর্মনিৰপেক্ষ, সোহনশীলতাৰ মনোভাৱ গঢ়ি তুলিব।
  • দেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে যুৱসকলক সচেতন আৰু প্ৰস্তুত কৰিব।
  • মনুহ আৰু মানৱ সমাজক ৰক্ষা কৰাৰ কাৰণে যুদ্ধ বিৰোধিতা আৰু যুদ্ধবিহীন বিশ্ব গঢ় দিয়াৰ কাৰণে প্ৰস্তুত কৰিব।
  • দেশৰ উপৰি বিশ্বজুৰি সকলো যুৱ সমাজৰ লগত বন্ধুত্ব আৰু মৈত্ৰী ভাৱ গঢ়ি তুলিব।
  • দুর্নীতি, মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় অন্য্ সামগ্ৰীৰ কৃত্রিম সংকট সৃষ্টিৰ বিৰুদ্ধে, শোষণ-নিষ্পেষণৰ বিৰুদ্ধে আৰু সামাজিক অন্যায় অবিচাৰৰ বিৰুদ্ধে যুৱসকলক থিয় কৰিব। শিক্ষা আৰু সংস্কৃতিৰ বিকাশ আৰু বিস্তাৰৰ কাৰ্যসূচী ৰূপায়ন কৰিব।
  • প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত সর্বস্তৰৰ শিক্ষাকে অবৈতনিক (বিনামূলীয়া) কৰাৰ কাৰণে আৰু শিক্ষাক বাণিজ্যিকীকৰণ কৰাৰ প্রচেষ্টাৰ বিৰুদ্ধে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব।
  • সকলো মানুহৰে স্বাস্থ্য আৰু চিকিৎসাৰ কাৰণে প্রয়োজনীয় চৰকাৰী সাহায্যপ্রাপ্ত চিকিৎসালয়, হেল্থক্লিনিক আৰু ফাৰ্মাচী আদি গঢ়ি তোলাৰ কাৰণে দাবী কৰিব। বেচৰকাৰী ক্ষেত্রত খৰচ সাপেক্ষে স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা একমাত্র ধনী আৰু সম্পত্তিশীল মানুহৰ কাৰণেহে গ্রহণযোগ্য। এই জাতীয় বেচৰকাৰী চিকিৎসা আৰু স্বাস্থ্য ব্যৱস্থাৰ বিৰুদ্ধে আৰু জনস্বাস্থ্য ব্যৱস্থাক পৰিপূর্ণ আধুনিকীকৰণ কৰাৰ দাবিত এই সংগঠনে জনমত গঢ়ি তুলিব।
















Comments

Popular posts from this blog